歌词
তুমি থাকা কিয় দুৰ দুৰণিত
চিনাকি এখন নদী
মোৰেনো বুকুৰ মাজত
এটি মিঠা হাঁহি
বুকুতে নো আহি
জিৰালেহি মোৰ উশাহত
সন্ধিয়াৰে আকাশ ডাৱৰৰে আবাস
কানে কানে কথা কয় তোমাক
ছবি হৈ ৰোৱা দুচকুত
আশা হৈ থাকা দুবাহুত
মৰম হৈ জিলিকা অধৰত
জোন হৈ মোৰ জোনাকত
উমলা প্ৰতি প্ৰহৰত
তৰা হৈ জ্বলিবা আন্ধাৰত
সপোন উঠলি আহে
দাপোন আবেগে ভৰে
চিকুন তোমাৰে মনৰ কহুঁৱা
এটি মিঠা হাঁহি....
চাওঁ যদি মই তোমাৰ চকুলে
বুকুতে শুনোঁ প্ৰেমৰ ৰাগিণী
প্ৰতিপলে মোৰ মনৰ লহৰত
তুমিয়েই থাকা জানা বিয়পি
আলসুৱা মন উৰি যায় তোমালে
পাখি লগা ক্ষণ খেদি খেদি তোমাতে মগন
এটি মিঠা হাঁহি.....
专辑信息