歌曲 / 歌词

Tumi Je Morkalpanaare

Listen on Apple Music

歌词

তুমিয়ে মোৰ কল্পনাৰে
হৰিণী নয়না
তুমিয়ে মোৰ জীৱনৰে
মধুৰ আল্পনা
তোমাৰ বাবেই মোৰেই সুৰৰ
কতনা মূৰ্চ্চনা
তুমি জানা নে নাজানা
তুমি জানা নে নাজানা
জীৱন ৰণাঙ্গনত
তুমি সাহসৰে তীৰ্থভূমি
পৰাজয়ৰ নিৰাশাতো
তুমিয়ে সান্ত্বনা
তুমি জানা নে নাজানা
তুমি জানা নে নাজানা
জীৱন বনৰ গভীৰতাত
উৎস তুমি সেউজৰে
সেই সেউজৰ সুন্দৰতাও
তোমাৰে হাঁহিৰে
ভাৰতৰে পূব্ আকাশৰ
জেউতি তুমি ন-সূৰুজৰ
তোমাৰ পোহৰ অবিহনে
বৃথা পৰিকল্পনা
তুমি জানা নে নাজানা
তুমি জানা নে নাজানা
তুমিয়ে মোৰ কল্পনাৰে
হৰিণী নয়না