歌词
১৯৫০ চনৰ ফাগুন মাহত
পাৰ্বতী প্ৰসাদে
সেউজী পাৰৰ নিৰলা ঘৰত
বিদায় পৰৰ কোনোবা মূহুৰ্তৰ উচুপনিত
গীতেৰে বান্ধি চিৰযুগামীয়া কৰিলে
সেউজী পাৰত তোমাৰ নিৰলা ঘৰত
বিদায় পৰত
উচুপি যি কথা ক'লা
জানোচা পাহৰি গ'লা
জানোচা পাহৰি গ'লা
সেউজী পাৰত
মাথো এটি ৰাতি প্ৰেমৰ সঁফুৰা
সমুলি দিছিলা মেলি
মন ভাল লগা গীতৰ সুৱদি ঢালি
নিশা পুৱতিত তোমাৰ বাতেদি
যেতিয়া আতৰ হ'লা
জানোচা পাহৰি গ'লা
জানোচা পাহৰি গ'লা
সেউজী পাৰত
তোমাৰ খোপাৰ সৰি পৰা এটি
ৰঙা কৰবিৰ পাহি
তাৰো আজি হায় পাপৰি গ'ল মৰহি
তেনেকৈয়ে হায় শুকালে যেতিয়া
পিন্ধালো যিধাৰি মালা
জানোচা পাহৰি গ'লা
জানোচা পাহৰি গ'লা
সেউজী পাৰত তোমাৰ নিৰলা ঘৰত
বিদায় পৰত
উচুপি যি কথা ক'লা
জানোচা পাহৰি গ'লা
জানোচা পাহৰি গ'লা
সেউজী পাৰত