歌词
কঁহুৱা বন মোৰ অশান্ত মন।
আলফুল হাতেৰে লোৱা সাৱটি॥
অ' এটি এটি ক্ষণ যেন মুকুতাৰে ধন।
এনে এ হেৰুৱালে নাহে উভতি ॥
নীলা আকাশৰে একোটি তৰা।
হঠাতে খহি সাৱতে ধৰা॥
খিটমিট আন্ধাৰৰ নিমাত ৰাতি।
অ' এটি এটি ক্ষণ যেন এটি এটি পণ
এনে এ হেৰুৱালে নাহে উভতি ॥
পুৱতি নিশাৰ সপোন দেখি।
দেখিও নেদেখিও সেই ক্ষণটি॥
অনন্ত সময়ৰ সাগৰ খনিৰ
চঞ্চল কোলাহলে ভাঙে ঘুমতি॥
অ' বলিয়া মন কিয় উচাতন
কালিৰ সূৰুজে আনি দিব পুৱাতি॥